অসম

assam

ETV Bharat / state

শিলচৰ ৰে’ল ষ্টেছন ৰূপান্তৰিত Covid 19 চিকিৎসালয়লৈ - অসমত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ

অসমত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি শিলচৰ ৰে’ল ষ্টেচন কৰ্তৃপক্ষই এক সিদ্ধান্তত উপনীত হৈছে ৷ লক ডাউনৰ ফলত ষ্টেচনটোত আবদ্ধ ৰে’লসমূহ কৰ’ণা চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ যো-জা চলাইছে ষ্টেচন কৰ্তৃপক্ষই ৷

SILCHAR RAIL QUARANTINE
শিলচৰ ৰে’ল ষ্টেছন ৰূপান্তৰিত Covid 19 চিকিৎসালয়লৈ

By

Published : Apr 7, 2020, 1:38 PM IST

শিলচৰ,7 এপ্ৰিলঃলক ডাউন ঘোষণাৰ পিছৰে পৰা শিলচৰ ৰে’ল ষ্টেচনত আৱদ্ধ হৈ আছে কেইবাখনো ৰে'ল ৷ সেয়ে কৰ্তৃপক্ষই ষ্টেচনটো চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যাৱতীয় কাম অব্যাহত ৰাখিছে । আৱদ্ধ ৰে'লৰ ডবাবোৰত অত্যাধুনিক সা-সুবিধা সংলগ্ন কৰি ইয়াক চিকিৎসালয়ৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ কথা প্ৰকাশ কৰে কৰ্তৃপক্ষই ৷ দেশৰ জৰুৰীকালীন পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে শিলচৰ ৰে’ল ষ্টেচন কৰ্তৃপক্ষই ৷

শিলচৰ ৰে’ল ষ্টেছন ৰূপান্তৰিত Covid 19 চিকিৎসালয়লৈ

ABOUT THE AUTHOR

...view details