শিলচৰ,২৬ জানুৱাৰী : দেশৰ ৰাজধানী চহৰৰ লগতে ভিন্ন প্ৰান্তত অব্য়াহত আছে কৃষকৰ প্ৰতিবাদ। কৃষি আইন বাতিলৰ দাবীত কৃষকৰ সমৰ্থন ভিন্ন দল-সংগঠনেও প্ৰতিবাদ সাব্য়স্ত কৰিছে । কাছাৰ জিলাৰ শিলচৰটো গণৰাজ্য় দিৱসৰ দিনটোতে দেখা গ'ল এক অভিনৱ প্ৰতিবাদ। কৃষি কাৰ্যত ব্য়ৱহৃত বিভিন্ন সঁজুলিসহ ট্ৰেক্টৰ লৈ শিলচৰৰ ৰাজপথত উলিওৱা হয় "কৃষক বাচাও,দেশ বাচাও" শীৰ্ষক এক প্ৰতিবাদী সমদল । চিপিআইএমএলৰ শতাধিক পুৰুষ-মহিলা কৰ্মীয়ে ভাগ লয় এই প্ৰতিবাদী সমদলত ।
কৃষকৰ সমৰ্থনত শিলচৰত প্ৰতিবাদী সমদল
গণৰাজ্য় দিৱসৰ দিনটোতে কৃষি আইন বাতিলৰ দাবীত শিলচৰত প্ৰতিবাদী সমদল । চিপিআইএমএলৰ "কৃষক বাচাও,দেশ বাচাও" শীৰ্ষক কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ ।
কৃষকৰ সমৰ্থনত শিলচৰত প্ৰতিবাদী সমদল
এই সমদল অৰ্ণপূৰ্নাঘাটৰ পৰা আৰম্ভ হৈ শিলচৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি ৰাঙিৰখাৰিত সমাপ্ত হয় ৷ চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ লগতে সংগঠনটোৰ দাবী অতি শীঘ্ৰে বাতিল কৰিব লাগে কৃষি আইন । লগতে তেওঁলোকৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে একাংশ পুঁজিপতিৰ স্বাৰ্থৰ বাবে কৃষকৰ মূৰত জাপি দিছে এই কৃষি বিৰোধী আইন ।
লগতে পঢ়ক :আমিনগাঁৱত ৭২তম গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিলে মন্ত্ৰী চুম ৰংহাঙে