অসম

assam

ETV Bharat / state

ফেচবুকত আপত্তিজনক মন্তব্যঃ যুৱকক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ - আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও

ফেচবুকত আপত্তিজনক মন্তব্য কৰি ৰাইজৰ ৰোষত এগৰাকী যুৱক ৷ শিলচৰত সংঘটিত হয় এই ঘটনা ৷

শিলচৰত প্ৰতিবাদ

By

Published : Sep 30, 2019, 11:42 PM IST

শিলচৰ, 30 ছেপ্টেম্বৰঃফেচবুকৰ মন্তব্যক লৈ উত্তাল শিলচৰ ৷ বিভিন্ন ইছলামধৰ্মী সংগঠনে প্ৰতিবাদেৰে উত্তাল কৰি তোলে কাচাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷

এগৰাকী মুছলমান ব্যক্তিৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰিছিল বৰণ মালাকাৰ নামৰ যুৱকজনে ৷ ঘটনাৰ পিচতে আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল কেইবাটাও ইছলামধৰ্মী সংগঠনে ৷ কিন্তু অভিযুক্ত বৰণ মালাকাৰক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয় কাছাৰ আৰক্ষী ৷

শিলচৰত প্ৰতিবাদ

ইয়াৰ প্ৰতিবাদতে সোমবাৰে একাংশ ইছলামধৰ্মী সংগঠনে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনকেইটাই ৷ যদিহে আৰক্ষীয়ে শীঘ্ৰেই যুৱকজনক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়, অনাগত দিনত আৰু অধিক প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনকেইটাই ৷

ABOUT THE AUTHOR

...view details