বৰাকত নচলিব অসমীয়া ভাষা ! - All Cachar Karimgang Hailakandi Student Assocition
বৰাক উপত্যকাত অসমীয়া ভাষা কেতিয়াও মানি লোৱা নহ'ব ৷ কাৰণ বৰাকৰ চৰকাৰী ভাষা বাংলা ৷ অসমত কেৱল অসমীয়া নাথাকে ৷ মাৰ মিকিৰ ডিমাছাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহ বাস কৰে অসমত ৷
শিলচৰ, 2 ডিচেম্বৰঃঅসমৰ চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠানত অসমীয়া ভাষা চলিব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া শিলচৰত ৷ সোমবাৰে All Cachar Karimgang Hailakandi Student Assocition ৰ উপদেষ্টা প্ৰদীপ দত্তই এক সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয় যে, 'বৰাক উপত্যকাত অসমীয়া ভাষা কেতিয়াও মানি লোৱা নহ'ব ৷ কাৰণ বৰাকৰ চৰকাৰী ভাষা বাংলা ৷ অসমত কেৱল অসমীয়া নাথাকে ৷ মাৰ মিকিৰ ডিমাছাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকও বাস কৰে ৷ যাৰ বাবে বৰাকৰ চৰকাৰী কাৰ্যলয়ত কেতিয়াও অসমীয়া ভাষা মানি লোৱা নহ'ব ৷'