কাটিগাড়া, 14 ফেব্ৰুৱাৰীঃগোপন সূত্ৰৰ ভিত্তিত কাটিগড়া আৰক্ষীয়ে কাটিগড়াৰ কলাছড়ি-চৰিষাকুড়ি গাঁৱৰ পৰা আটক কৰে তিনিগৰাকী অভিযুক্ত ডকাইতক ৷ অভিযুক্ত তিনিজন ক্ৰমে আব্দুল আজিজ, চিৰিজুল হক আৰু ফয়জুল হক ৷ আটকাধীন অভিযুক্ত কেইগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা 7.65 MM পিস্তল, ১১ ৰাউণ্ড সজীৱ গুলীৰ লগতে ৫ টা ম'বাইল ফোন আৰু 5 টাকৈ চোকা অস্ত্ৰ ৷ ইয়াৰোপৰি ডকাইতি কাৰ্যত ব্যৱহৃত এখন আটো ৰিক্সাও জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটকাধীন তিনি অভিযুক্তক ৷
শিলচৰৰ কাটিগড়াত পিস্তলসহ আটক তিনি ডকাইত - ৫ টা মোবাইল ফোন
কাটিগড়া আৰক্ষীয়ে কাটিগড়াৰ কলাছড়ি-চৰিষাকুড়ি গাঁৱৰ পৰা তিনিটা ডকাইতক আটক কৰে ৷ আটকাধীন অভিযুক্ত কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা 7.65 MM পিস্তল, ১১ ৰাউণ্ড সজীৱ গুলী, ৫ টা ম'বাইল ফোনৰ লগতে 5 টাকৈ চোকা অস্ত্ৰ ৷
![শিলচৰৰ কাটিগড়াত পিস্তলসহ আটক তিনি ডকাইত আটক তিনিজন অভিযুক্ত ডকাইত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6068704-thumbnail-3x2-kk.jpg)
আটক তিনিজন অভিযুক্ত ডকাইত