শিলচৰ,15আগষ্টঃৰাইজে ধৰি দিয়া চোৰক এৰি দিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে কাছাৰ জিলাৰ বাশকান্দি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনিৰ উদ্দিনৰ বিৰুদ্ধে। জানিব পৰা মতে, দুদিনৰ পূৰ্ৱে নৰুল আহমেদ লস্কৰ আৰু চাবিৰ আহমেদ নামৰ দুজন যুৱকে বাশকান্দিৰ এখন দোকানত চোৰি কাণ্ড সংঘটিত কৰিছিল ৷ ইপিনে চুৰি কৰাৰ পিচতেই ৰাইজে চোৰ দুজনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷ কিন্তু ৰহস্যজনক বাবে শুকুৰবাৰে নিশা চাবিৰ আহমেদ নামৰ চুৰটোক আৰক্ষীয়ে এৰি দিয়ে ৷ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিৰ উদ্দিনে চোৰটোক এৰি দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
আৰক্ষীয়ে এৰি দিলে ৰাইজে গটাই দিয়া চোৰক - বাশকান্দি আৰক্ষী চকী
ৰাইজে ধৰি দিয়া চোৰক এৰি দিলে আৰক্ষীয়ে ৷ প্ৰতিবাদত থানা ঘেৰাও শতাধিক ৰাইজৰ ৷ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷
![আৰক্ষীয়ে এৰি দিলে ৰাইজে গটাই দিয়া চোৰক SILCHAR PEOPLE PROTEST FOR DISCHARGE THIEF](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8434213-443-8434213-1597503963872.jpg)
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৰাইজে গটাই দিয়া চোৰ এৰি দিয়াৰ অভিযোগ
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৰাইজে গটাই দিয়া চোৰ এৰি দিয়াৰ অভিযোগ