শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ হেলমেট বিতৰণ কাৰ্যসূচী
বাইক, স্কুটী আৰোহীক এপাহ ৰঙা গোলাপৰ সৈতে হেলমেট প্ৰদান কৰিছে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে ৷ চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত হাস্পতাল ৰ'ডত থিয় হৈ তেওঁ বাইক, স্কুটি চালক আৰু সহযাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে পালন কৰে এই বিশেষ কাৰ্যসূচী ৷
শিলচৰ,1 ফেব্ৰুৱাৰীঃ শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সমষ্টিবাসীৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিধায়কগৰাকীয়ে ৰঙা গোলাপৰ সৈতে একোটাকৈ হেলমেট প্ৰদান কৰিছে বাইক তথা স্কুটি আৰোহীসকলক ৷ শনিবাৰে, চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত হাস্পতাল ৰ'ডত থিয় হৈ তেওঁ বাইক, স্কুটি চালক আৰু সহযাত্ৰী সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে পালন কৰিছে এই বিশেষ কাৰ্যসূচী ৷ হেলমেট অবিহনে কোনো বাইক স্কুটি চালকে পূৰ্বৰ দৰে পেট্ৰ'ল পাম্পৰ পৰা পেট্ৰ'ল কিনিব নোৱাৰিব, এই ক্ষেত্ৰত কটকটীয়া ব্যৱস্থা গঢ়ি তোলাৰ বাবে জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰায়ৰ লগতে পৰিবহন বিভাগৰ সৈতে আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷