শিলচৰ,4 নবেম্বৰ: শিলচৰত মধ্যাহ্ন ভোজন কঢ়িয়াই নিয়া গাড়ী ভাঙিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলে ৷ ঘটনা অনুসৰি শিলচৰত শ্ৰীকোনা নামৰ এলেকাটোত মধ্যাহ্ন ভোজনৰ দায়িত্ব বহন কৰা বেচৰকাৰী সংস্থাই গাড়ীত মধ্যাহ্ন ভোজনৰ সামগ্ৰীৰ বস্তু লৈ স্কুলত দিবলৈ গৈ অৱস্থাত আক্ৰমণ কৰে ৰান্ধনীসকলে । বে-চৰকাৰী সংস্থাটোৱে গাড়ীত মধ্যাহ্ন ভোজনৰ সামগ্ৰী লৈ গৈ থকাৰ খৱৰ পাই মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলে গাড়ীখন ৰখাই সকলো লণ্ড-ভণ্ড কৰাৰ উপৰিও সকলো খাদ্য সামগ্ৰী নষ্ট কৰি দিয়ে ৷
শিলচৰত মধ্যাহ্ন ভোজনৰ গাড়ী ভাঙিলে ৰান্ধনীসকলে
শিলচৰত মধ্যাহ্ন ভোজন কঢ়িয়াই নিয়া বেচৰকাৰী সংস্থাৰ গাড়ী ভঙাৰ লগতে খাদ্য সামগ্ৰী নষ্ট কৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে
উল্লেখ্য যে, বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পূৰ্বে মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰান্ধনীসকলে ৰাজ্যজুৰি প্ৰতিবাদ চলাই আহিছে ৷ তেনে এক সময়ত শিলচৰত সংঘটিত এই ঘটনাই মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলৰ আন্দোলনটোক বিপথে পৰিচালিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে ৷ লগতে ৰান্ধনীসকলৰ এই কাৰ্য কেতিয়াও সমৰ্থন যোগ্য নহয় ৷ বৰ্তমান এই কাৰ্যৰ পাছত উক্ত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰ বা আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ৷