অসম

assam

ETV Bharat / state

বৰাকত নৱম মিডিয়া ক্ৰিকেট ফেষ্টৰ খিতাপ অৰ্জন কৰিমগঞ্জ প্ৰেছক্লাৱৰ - পোনপ্ৰথম বাৰৰ বাবে বিজয়ী হৈছে প্ৰেছক্লাব কৰিমগঞ্জ ষ্ট্ৰাইকাৰ্চ

বৰাক উপত্যকা ক্ৰীড়া সাংবাদিক সংস্থাই আয়োজিত কৰে ২০২১ বৰ্ষৰ টুৰ্নামেণ্ট । এই টুৰ্নামেণ্টত পোনপ্ৰথম বাৰৰ বাবে বিজয়ী হৈছে প্ৰেছক্লাৱ কৰিমগঞ্জ ষ্ট্ৰাইকাৰ্চ ।

নৱম মিডিয়া ক্ৰিকেট ফেষ্টৰ খিতাপ অৰ্জন কৰিমগঞ্জ প্ৰেছক্লাবৰ
নৱম মিডিয়া ক্ৰিকেট ফেষ্টৰ খিতাপ অৰ্জন কৰিমগঞ্জ প্ৰেছক্লাবৰ

By

Published : Jan 25, 2021, 4:17 PM IST

শিলচৰ, ২৫ জানুৱাৰী: বৰাক উপত্যকা ক্ৰীড়া সাংবাদিক সংস্থাই আয়োজন কৰে ২০২১ বৰ্ষৰ টুৰ্নামেণ্ট । এই টুৰ্নামেণ্টত পোনপ্ৰথম বাৰৰ বাবে বিজয়ী হৈছে প্ৰেছক্লাব কৰিমগঞ্জ ষ্ট্ৰাইকাৰ্চ । সংস্থাটোৱে আয়োজিত কৰা নৱম মিডিয়া ক্ৰিকেট ফেষ্টৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জৰ দলে । শিলচৰৰ শচীন্দ্ৰ মোহন দেৱ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন । প্ৰেছক্লাব কৰিমগঞ্জ ষ্ট্ৰাইকাৰ্চ দলে বিপক্ষী দল হাইলাকান্দি মিডিয়া চেলেঞ্জাৰ্চৰ বিৰুদ্ধে ১৯ ৰানত বিজয়ী হয় । সাংবাদিক মিষ্টু দত্তৰ নেতৃত্বত কৰিমগঞ্জ ষ্ট্ৰাইকাৰ্চ দলে টচত জয়লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰৰ খেলত ১৯৪ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে প্ৰতিপক্ষ হাইলাকান্দি মিডিয়া চেলেঞ্জাৰ্চ দলক । খেলখনত ২০ অভাৰৰ ভিতৰত হাইলাকান্দি দলে ৭ উইকেট হেৰুৱাই ১৭৪ ৰান কৰিবলৈ সক্ষম হয় । যাৰ ফলত কৰিমগঞ্জ দল ১৯ ৰাণত বিজয়ী হ'বলৈ সক্ষম হয় ।

নৱম মিডিয়া ক্ৰিকেট ফেষ্টৰ খিতাপ অৰ্জন কৰিমগঞ্জ প্ৰেছক্লাবৰ

কৰিমগঞ্জ দলৰ হৈ ৰাহুল দাসে সৰ্বোচ্চ ৯৪ ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় । ইপিনে হাইলাকান্দি দলৰ হৈ যুঁজ অব্যাহত ৰাখে মনোদ্বীপ মালাকাৰে ।

আনহাতে কৰিমগঞ্জ দলৰ বলাৰ হুমায়ুন কবিৰ জছিমে তিনি উইকেট আৰু অভিজিত পালে দুই উইকেট দখল কৰে । ফাইনেল মেচত মেন অব দ্যা মেচৰ খিতাপ অৰ্জন কৰাৰ সমান্তৰালকৈ মেন অব দ্যা টুৰ্নামেণ্টৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ দলৰ খেলুৱৈ ৰাহুল দাসে ।

লক্ষণীয়ভাৱে বিগত ন বছৰৰ অন্তত কৰিমগঞ্জ প্ৰেছক্লাবে জয়লাভ কৰে । হাইলাকান্দি আৰু কৰিমগঞ্জ দলে শিলচৰৰ চাৰিটা দলক পৰাভূত কৰি ফাইনেল খেলত প্ৰৱেশ কৰে । আনহাতে এই টুৰ্নামেণ্টত অংশগ্ৰহণকাৰী ছটাকৈ দল যথাক্ৰমে কৰিমগঞ্জৰ পৰা প্ৰেছক্লাব কৰিমগঞ্জৰ ষ্ট্ৰাইকাৰ্চ, হাইলাকান্দিৰ পৰা হাইলাকান্দি মিডিয়া চেলেঞ্জাৰ্চ আৰু শিলচৰৰ দল চাৰিটা হৈছে ইয়াছি মিডিয়া হিৰোজ, ভেলি ষ্ট্ৰং নিউজ ৰকাৰ্চ, আৰন্যক ভেলি আৰু এনচিঅয়াইএছ ।

লগতে পঢ়ক: বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

For All Latest Updates

ABOUT THE AUTHOR

...view details