অসম

assam

ETV Bharat / state

কাছাৰত মুকলিকৈ চলিছে অবৈধ জুৱাখেল - শিলচৰৰ জুৱাৰ বাতৰি

কাছাৰ জিলাৰ কাশিপুৰ, আৰকাটিপুৰ, ৰামনগৰ, সোনাইৰোড, কালিবাৰীচৰ আদিকে দৰি বিভিন্ন ঠাইত চলে অবৈধ জুৱাৰ খেল ৷ মুকলিকৈ চলি থকা অবৈধ জুৱা দেখিও আৰক্ষী-প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

কাছাৰৰ জুৱা

By

Published : Oct 30, 2019, 1:47 PM IST

কাছাৰ, 30 অক্টোবৰঃ উৎসৱৰ বতৰত কাছাৰত মুকলিকৈ চলিছে অবৈধ জুৱাৰ বেহা ৷কালীপূজাৰ সময়ত ল'ৰা, ছোৱালী, পুৰুষ-মহিলা সকলো ব্যস্ত জুৱা খেলত ৷ কাছাৰ জিলাৰ কাশিপুৰ, আৰকাটিপুৰ, ৰামনগৰ, সোনাইৰোড, কালিবাৰীচৰ আদিকে ধৰি বিভিন্ন ঠাইতেই দেখা গ'ল জান্ডি-মুন্ডাৰ খেল ৷ দিনে-নিশাই পথৰ কাষতে চলি থকা এই অবৈধ জুৱা দেখিও নিৰ্বিকাৰ হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে জিলাখনৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ৷ একাংশ ৰাইজৰ অভিযোগ, আৰক্ষীক 'মেনেজ' কৰিয়েই এইদৰে জুৱা খেল অনুষ্ঠিত কৰে জুৱাৰী সকলে ৷

এনেদৰেই মুকলিতকৈ চলিছে জুৱা....

ABOUT THE AUTHOR

...view details