শিলচৰ, 22 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰা জনতাৰ সান্ধ্য আইনৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল শিলচৰ চহৰত ৷ দেওবাৰৰ দিনটোত সম্পূৰ্ণভাৱে জনশূণ্য পৰিলক্ষিত হ'ল সদা ব্যস্ত শিলচৰ চহৰ ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই দেশৰ আন ঠাইৰ লগতে শিলচৰ চহৰতো আজি দেখা গ'ল কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এই সতৰ্কতামূলক পৰিৱেশ ৷ পথত স্বাস্থ্যকৰ্মী, সংবাদকৰ্মী আৰু আৰক্ষীৰ লোকৰ বাহিৰে দেখা নগ'ল আন কোনো ব্যক্তি ৷
শিলচৰত জনতাৰ সান্ধ্য আইনৰ ব্যাপক প্ৰভাৱ - সদা ব্যস্ত শিলচৰ চহৰ
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰা জনতাৰ সান্ধ্য আইনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা দেখিবলৈ পোৱা গ'ল কাছৰ জিলাৰ শিলচৰ চহৰত ৷ দেওবাৰৰ দিনটোত সম্পূৰ্ণভাৱে জনশূণ্য় হৈ থাকিল শিলচৰ চহৰ ৷
জনতাৰ সান্ধ্য আইন