অসম

assam

মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

By

Published : Jun 26, 2020, 8:53 AM IST

বিজ্ঞাপনসমূহ হিন্দী আৰু মণিপুৰী ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰিলে উক্ত ভাষী লোকসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে কাছাৰ হিন্দী ভাষী ছাত্ৰ পৰিষদে ৷

silchar Hindi bhasi chatra parishad sent memorandum to President
মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

কাছাৰ, 26 জুন : মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰে কাছাৰ হিন্দী ভাষী ছাত্ৰ পৰিষদে । পৰিষদে অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনসমূহ হিন্দী আৰু মণিপুৰী ভাষাত প্ৰকাশ কৰাৰ বাবে আহ্বান জনায় ৷

মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

কাছাৰ হিন্দী ভাষী ছাত্ৰ পৰিষদৰ সভাপতি সঞ্জীৱ ৰায়ে কয় যে, অসম চৰকাৰে বিভিন্ন বিভাগৰ প্ৰকাশিত বিজ্ঞাপনসমূহ ইংৰাজী ভাষাৰ লগতে অসমীয়া, বৰাক উপত্যকাৰ বাবে বাঙালী আৰু বড়োলেণ্ডৰ বাবে বড়ো ভাষাত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছে ৷ তেওঁ এই বিজ্ঞাপনসমূহ হিন্দী ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰিলে অসমৰ হিন্দী ভাষী লোকসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে ৷ ৰায়ে লগতে অসমত মণিপুৰীসকলৰ এখন বৃহৎ সমাজ থকাৰ কথা ব্যক্ত কৰি মণিপুৰী ভাষাতো এই বিজ্ঞাপন প্ৰকাশৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় ৷

মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

কাছাৰ হিন্দী ভাষী ছাত্ৰ পৰিষদে ৰাষ্ট্ৰপতিক এই বিষয়টোত হস্তক্ষেপ কৰি অসমৰ বিভিন্ন ভাষাৰ লগতে হিন্দী আৰু মণিপুৰী ভাষাটো বিজ্ঞাপনসমূহ প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: অনশনত বহিল অখিল গগৈ

ABOUT THE AUTHOR

...view details