অসম

assam

ETV Bharat / state

বিউটি পাৰ্লাৰলৈ সৌন্দৰ্য চৰ্চা কৰিবলৈ যাওতে সাৱধান ! - silchar lady face damage

একাংশ বিউটি পাৰ্লাৰলৈ সৌন্দৰ্য চৰ্চা কৰিবলৈ যাওতে সাৱধান হওক ! কুৎসিত হ'ব পাৰে আপোনাৰ ধুনীয়া মুখখন ! শিলচৰত বিউটি পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা । শিলচৰ চহৰৰ লিংক ৰোডস্থিত এখন বিউটি পাৰ্লাৰত ফেচিয়েল কৰাৰ পিছতে মহিলাগৰাকীয়ে মুখত পোৰণি অনুভৱ কৰে আৰু গোটেই মুখখন ছালৰ ৰোগ হোৱাৰ দৰে হৈ পৰে ।

ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা
ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা

By

Published : Feb 2, 2021, 8:19 PM IST

শিলচৰ, ২ ফেব্ৰুৱাৰী: শিলচৰত সংঘটিত এটা ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সঘনাই বিউটি পাৰ্লাৰলৈ সৌন্দৰ্য চৰ্চা কৰিবলৈ যোৱা লোকসকলক । বান্ধৱীৰ বিয়াৰ পূৰ্বে ফেচিয়েল কৰিবলৈ শিলচৰ চহৰৰ লিংক ৰোডস্থিত এখন বিউটি পাৰ্লাৰলৈ গৈছিল শিলচৰৰ বিনীতা নাথ নামৰ এগৰাকী মহিলা । তেওঁ অভিযোগ উত্থাপন কৰিছে যে, লিংক ৰোডস্থিত সাৰদা বিউটি পাৰ্লাৰত ফেচিয়েল কৰাৰ পিছতে তেওঁৰ মুখত বিভিন্ন সমস্যাই দেখা দিয়ে ।

নিজৰ মুখৰ অৱস্থাৰ বিষয়ে বিৱৰণ দি এটা ভিডিঅ' ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে মহিলাগৰাকীয়ে । লগতে তেওঁৰ পূৰ্বৰ আৰু এতিয়াৰ দুখন ফটোও শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত মহিলাগৰাকীৰ মুখখন বসন্ত ৰোগ হোৱাৰ দৰে দেখা গৈছে যে । তেওঁ অভিযোগ তোলা মতে, সাৰদা বিউটি পাৰ্লাৰত ফেচিয়েল কৰাৰ পিছতে তেওঁ মুখৰ এই অৱস্থা হয় । লগতে ফেচিয়েল কৰাৰ পিছৰে পৰা তেওঁৰ মুখত পোৰণি আৰম্ভ হৈছে বুলিও জনাইছে । তেওঁ কয় যে, পাৰ্লাৰৰ এগৰাকী কৰ্মীয়ে তেওঁৰ মুখখন বিভিন্ন ক্ৰীম ব্যৱহাৰ কৰি ব্লিছ কৰাৰ পিছতে পোৰণি আৰম্ভ হয় আৰু মুখখন বৰণ সলনি হৈ পৰে ।

ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা

সম্প্ৰতি ছ'চিয়েল মিডিয়াযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে উক্ত পাৰ্লাৰখনলৈ আন লোকক নাযাবলৈ আহ্বান জনায় । ভুক্তভোগী মহিলাগৰাকী প্ৰাক্তন NIT ছাত্ৰী । তেওঁ ইটালীৰ ৰোম চহৰত গৱেষণা কৰি আছে । তেওঁ বান্ধৱীৰ বিয়াৰ বাবে শিলচৰস্থিত নিজা ঘৰলৈ আহিছিল । গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া বিবাহৰ অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে ফেচিয়েল কৰিবলৈ এতিয়া ছালৰ সমস্যাত ভূগিবলগীয়া হৈছে মহিলাগৰাকীয়ে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীক সকিয়নী ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details