শিলচৰ, 20 নৱেম্বৰ :কাটিগড়া বিধানসভা সমষ্টিৰ বিধায়ক অমৰচান্দ জৈনে নিজৰ সমষ্টিত সাংস্কৃতিক দিশটোক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে গুমড়াত অনুষ্ঠিত কৰিছিল এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ৷
বিধায়ক জৈনে নিজৰ পৃষ্ঠপোষকতাত উক্ত অনুষ্ঠানৰ আয়োজন কৰি সাধাৰণ ৰাইজৰ মন জয়ৰ চেষ্টা চলাইছিল ৷ কিন্তু কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে অনুষ্ঠিত উক্ত অনুষ্ঠানত ক‘ভিড প্ৰ‘টকল উলংঘা কৰি সহস্ৰাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয় ৷