কাছাৰ, 18 আগষ্ট: মঙলবাৰে শিলচৰত ডি ৱাই এফ আই নামৰ সংগঠনটোৰ ফালৰ পৰা শিলচৰ মেডিকেল কলেজৰ উন্নয়ন, কাছাৰৰ ক'ভিড-19 আক্ৰান্ত নোহোৱা লোকক হাৰাশাস্তি প্ৰদান কৰা বন্ধ কৰা, শিলচৰ মেডিকেল কলেজৰ খালী থকা পদসমূহত অতি সোনকালে নিযুক্তি দিয়া, বৰাক উপত্যকাত এখন পূৰ্ণাংগ এইমচ্ স্থাপন কৰা আদি বিভিন্ন দাবীৰে শিলচৰৰ ক্ষুদিৰামৰ প্ৰতিমূৰ্তিৰ সমীপত এক বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷
বৰাক উপত্যকাত এইমচ্ স্থাপনৰ দাবীত প্ৰতিবাদ - শিলচৰ
হাতে হাতে প্লেকাৰ্ডলৈ সামাজিক দূৰত্ব পালন কৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ ভালে সংখ্য়ক নেতা-কৰ্মীয়ে ৷ প্ৰতিবাদকাৰী সকলে কাছাৰৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰও স্বাস্থ্য় মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
বৰাক উপত্যকাত এইমচ্ স্থাপন, শিলচৰ মেডিকেল কলেজৰ উন্নয়নৰ দাবীত প্ৰতিবাদ
হাতে হাতে প্লেকাৰ্ডলৈ সামাজিক দূৰত্ব পালন কৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ ভালে সংখ্য়ক নেতা-কৰ্মীয়ে ৷ প্ৰতিবাদকাৰী সকলে কাছাৰৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰও স্বাস্থ্য় মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ সৈতে ঠিয় দিছে ভাৰত