অসম

assam

By

Published : Oct 11, 2019, 4:22 PM IST

Updated : Oct 11, 2019, 7:52 PM IST

ETV Bharat / state

উন্নত চিকিৎসাৰ অভাৱত মৃত্যু যুৱকৰ !

শিলচৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ হোৱাক লৈ ৰাজপথলৈ ওলাই আহিল একাংশ ৰাইজ ৷ চিকিৎসাৰ অভাৱত সায়তন চক্ৰৱৰ্তী নামৰ যুৱকজনৰ মৃত্যুৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷

চিকিৎসাৰ অভাৱত যুৱকৰ মৃত্যু

শিলচৰ, 11 অক্টোবৰ: শুকুৰবাৰে শিলচৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ হোৱাক লৈ ৰাজপথলৈ ওলাই আহিল একাংশ ৰাইজ ৷ চিকিৎসাৰ অভাৱত সায়তন চক্ৰৱৰ্তী নামৰ যুৱকজনৰ মৃত্যুৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷

উন্নত চিকিৎসাৰ অভাৱত যুৱকৰ মৃত্যু

প্ৰাপ্ত তথ্য অনুসৰি দশমীৰ দিনা হঠাতে হৃদ ৰোগত আক্ৰান্ত হৈ পৰে যুৱকজন ৷ ফলত তেওঁক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়খনত উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ ফলত যুৱকজনক শ্বিলঙৰ নেইগ্ৰিমছলৈ লৈ যোৱা হয় যদিও আধা বাটতে প্ৰাণ হেৰুৱাই ৷ এই ঘটনাৰ পিচতে শিলচৰ মেডিকেল কলেজক লৈ প্ৰতিবাদমুখী হৈ পৰে শিলচৰৰ ৰাইজ ৷ উল্লেখযোগ্য যে দুৰ্গোৎসৱৰ বাবে ঘৰলৈ অহা পিতৃ-মাতৰ একমাত্ৰ সন্তান সায়তন কলিকতাত কৰ্মৰত আছিল ৷

Last Updated : Oct 11, 2019, 7:52 PM IST

ABOUT THE AUTHOR

...view details