শিলচৰ, 15ফেব্ৰুৱাৰীঃ শিলচৰ চহৰৰ মাজমজিয়াত থকা সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলক লৈ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন ৰোগী আৰু স্থানীয় বাসিন্দাৰ ৷ যাৰ বাবে শনিবাৰে চিকিৎসালয়খনত হঠাতে উপস্থিত হয় জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা আৰু অতিৰিক্ত জিলা উপায়ুক্ত ৰাজীৱ ৰায় ৷ জিলা উপায়ুক্ত আৰু অতিৰিক্ত জিলা উপায়ুক্ত দুয়োগৰাকীয়ে চিকিৎসালয় পৰিদৰ্শনৰ সময়ছোৱাত চিকিৎসালয়ত উপস্থিত নাছিল এজনো চিকিৎসক ৷ যাৰ বাবে জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই চিকিৎসালয়খনৰ অধ্যক্ষক চিকিৎসক উপস্থিত নথকা সন্দৰ্ভত প্ৰশ্ন কৰাৰ লগতে কামত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷
শিলচৰত চিকিৎসালয়ৰ অধ্যক্ষক সকীয়নি জিলা উপায়ুক্তৰ - silchar DC
শনিবাৰে সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়ত হঠাতে উপস্থিত হয় জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা আৰু অতিৰিক্ত জিলা উপায়ুক্ত ৰাজীৱ ৰায় ৷ চিকিৎসালয়খনৰ ৰোগী আৰু স্থানীয় ব্যক্তিৰ দীৰ্ঘদীনিয়া অভিযোগৰ ভিত্তিতে চিকিৎসালয়খন পৰিদৰ্শন কৰে জিলা উপায়ুক্তই ৷
শিলচৰত চিকিৎসালয়ৰ অধ্যক্ষক সকীয়নি জিলা উপায়ুক্তৰ