শিলচৰ,7 মে’ঃ ৰাজ্য়ত শেহতীয়াভাৱে কাছাৰৰ এজন ব্যক্তিৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ পিছত অধিক সষ্টম হৈ পৰিছে কাছাৰ জিলা প্ৰশাসন ৷ বুধবাৰে ৰাজস্থানৰ পৰা কাছাৰলৈ অহা 45 জনীয়া যাত্ৰীৰ এটা দলৰ বাসস্থান সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে জিলা প্ৰশাসনে ৷ কাছাৰৰ উদাৰবন্দ সমষ্টিৰ দুৰ্গানগৰ ষষ্ঠ খণ্ড আৰু দয়াপুৰ দ্বিতীয় খণ্ড নামৰ গাঁও দুখন প্ৰশাসনে ছীল কৰাৰ লগতে গাঁও দুখনত বাস কৰা লোকসকলৰ বাহিৰলৈ যোৱাৰ লগতে অন্য লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
শিলচৰৰ Covid 19 ত আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ - দয়াপুৰ দ্বিতীয় খণ্ড
কাছাৰত এজন লোক Covid 19 ত আক্ৰান্ত হোৱাৰ লগে লগে ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্য়া 45 জনলৈ বৃদ্ধি পায় ৷ কাছাৰ জিলা প্ৰশাসনে আক্ৰান্ত ব্যক্তিগৰাকীয়ে বসবাস কৰা গাঁৱখন ছীল কৰিছে ৷
![শিলচৰৰ Covid 19 ত আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ silchar covid 19 update cachar etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7096048-thumbnail-3x2-a.jpg)
Covid 19 ত আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ