শিলচৰ,1 এপ্ৰিলঃ মঙলবাৰে কৰিমগঞ্জৰ এজন ৫৫ বছৰীয়া ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কথা নিশ্চিত হোৱাৰ পিছত পৰিয়ালৰ সকলো সদস্যক ব্যক্তিগৰাকীৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ ব্যক্তিজনৰ লগত থকা দিল্লী আৰু গুৱাহাটীৰ দুজন যুৱকক সম্প্ৰতি স্বাস্থ্য পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পৃথকভাৱে ভৰ্তি কৰোৱা হৈছে ৷
কৰিমগঞ্জৰ COVID-19 পজিটিভ ব্যক্তিগৰাকীৰ পৰিয়ালক ৰখা হৈছে কোৱেৰেণ্টাইনত - শ্ৰীগৌৰী
অসমত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ কথা পোহৰলৈ অহাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন তথা স্বাস্থ্য বিভাগ ৷ ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ সম্প্ৰতি গ্ৰহণ কৰা হৈছে অধিক সুৰক্ষাজনিত ব্যৱস্থা ৷
কোভিড 19ঃতৎপৰ শিলচৰৰ স্বাস্থ্য বিভাগ
ইতিমধ্যে আক্ৰান্ত ব্যক্তিগৰাকীৰ পৰিয়ালৰ আন সদস্য়সকলক মঙলবাৰে নিশা হাসনপুৰ আৰু শ্ৰীগৌৰীস্থিত ঘৰৰ পৰা আনি স্থানীয় গিৰিশগঞ্জ আদৰ্শ চিকিৎসালয়ত কোৱেৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ তদুপৰি ব্যক্তিকেইজনৰ সংস্পৰ্শত থকা লোককেইজনৰ প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।
লগতে চাওকঃঅসমৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত লোকৰ বিষয়ে কিছু তথ্য !