শিলচৰ,25 মাৰ্চঃ শিলচৰ চহৰৰ এন এন দত্ত ৰোডৰ আৰিহান্ত এপাৰ্টমেণ্টত বুধবাৰে তলা ওলোমালে কাছাৰ জিলা প্ৰশাসনে ৷ ইতিমধ্যে মিজোৰামত কৰ'ণা ভাইৰাছত আক্ৰান্ত যুৱতীগৰাকীৰ বান্ধৱীসকল এই আৱাসিক এলেকাত থকাৰ কথা জানিব পাৰি প্ৰশাসনে তলা ওলোমায় এপাৰ্টমেণ্টটোত ৷ যুৱতীগৰাকীৰ পাঁচগৰাকী বান্ধৱীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷ আটাইকেইজনী যুৱতীকে সম্প্ৰতি গৃহত আবদ্ধ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে । সমগ্ৰ অঞ্চলটো সংক্ৰমণৰ পৰা বাচিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷
কৰ'ণা আতংকঃ শিলচৰৰ আৰিহন্ত এপাৰ্টমেণ্টত ওলমিল তলা - COVID 19
কাছাৰৰ শিলচৰত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ ফলত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বুধবাৰে চহৰখনৰ এন এন দত্ত ৰোডত অৱস্থিত আৰিহান্ত এপাৰ্টমেণ্টটো বন্ধ কৰি দিয়ে ৷
![কৰ'ণা আতংকঃ শিলচৰৰ আৰিহন্ত এপাৰ্টমেণ্টত ওলমিল তলা SILCHAR BUILDING DICHAGRED](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6542707-thumbnail-3x2-a.jpg)
আৰিহন্ত এপাৰ্টমেণ্টত ওলমিল তলা