শিলচৰ, 11 মাৰ্চঃশিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত হঠাতে এক বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত আহত হয় কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ৷ ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত শিক্ষাৰ্থী কেইগৰাকীক শিলচৰ চিকিৎসা মহাবিদ্যালয়লত ভৰ্তি কৰোৱা হৈছে ৷ আহত শিক্ষাৰ্থী কেইজন ক্ৰমে পঞ্চাতপা সেন, তন্ময় সাহায্য, সৌৰভ পাল আৰু বিপাশা সেনগুপ্ত ৷ এইকেইগৰাকী শিক্ষাৰ্থীৰ ভিতৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিপাশাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, শিক্ষাৰ্থী কেইগৰাকীয়ে নাইট্ৰিক এচিড আৰু ছালফাৰেৰে কোনো গৱেষণা চলাই থকাৰ সময়ত অসাৱধানতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷
অসম বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত সংঘটিত বিস্ফোৰণ
নাইট্ৰিক এচিড আৰু ছালফাৰেৰে গৱেষণা চলাই থকাৰ সময়ত কোনো অসাৱধানতাৰ বাবে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত হঠাতে এক বিস্ফোৰণ সংঘটিত হয় ৷ এই ঘটনাত আহত হয় 4 গৰাকীকৈ শিক্ষাৰ্থী ৷
অসম বিশ্ববিদ্যালয়