কাছাৰ, 10 ফেব্ৰুৱাৰীঃ শাসনাধিষ্ঠিত চৰকাৰৰ স্বাস্থ্য় বিভাগে পৰিৱৰ্তনৰ নামত উন্নয়নৰ ফটা ঢোল বজাই ফুৰাৰ সময়তেই ইয়াৰ উৎকৃষ্ট নিদৰ্শন হৈ পৰিছে "অটল অমৃত অভিযান" ৷ স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা আঁচনিৰ ভিতৰত বিশেষভাৱে দুখীয়া, অভাৱগ্ৰস্ত কোনো লোকে যাতে অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় অথবা ৰোগীৰ পৰিয়াল সৰ্বস্বান্ত হ'বলগীয়া নহয় তাৰবাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল 'অটল অমৃত অভিযান' ৷ কিন্তু এই আঁচনিৰ অধীনত কাছাৰত কোনো দৰিদ্ৰ ৰোগীয়ে লাভ কৰা নাই চিকিৎসা ৷ একমাত্ৰ সচেতনতাৰ অভাৱত আচঁনিৰ লাভালাভৰ পৰা বঞ্চিত ৰাইজ ৷
অটল অমৃত অভিযান: কাছাৰত সচেতনতাৰ অভাৱত আচঁনিৰ পৰা বঞ্চিত ৰাইজ - অটল অমৃত অভিযান:কাছাৰত সচেতনতাৰ অভাৱত আচঁনিৰ পৰা বঞ্চিত ৰাইজ
কাছাৰ ব্লকৰ জনস্বাস্থ্য কেন্দ্ৰৰ 10 টা চেন্টাৰত উপলব্ধ এই অটল অমৃত অভিযান ৷ বৰ্তমানলৈ 8 লাখ 64 হাজাৰ লোকে এই আচঁনিৰ কাৰ্ড বনাইছে যদিও ইয়াৰ মাজৰ মাত্ৰ 1 লাখ 53 হাজাৰ ৰাইজে আচঁনিৰ সুযোগ লাভ কৰিছে।
কাছাৰত সচেতনতাৰ অভাৱত আচঁনিৰ পৰা বঞ্চিত ৰাইজ
জানিব পৰা মতে, চহৰখনৰ মাত্ৰ দুখন ব্যক্তিগত হাস্পাতাল, চৌধুৰী আই হাস্পাটাল আৰু মৌচুমী হাস্পাটালত উপলদ্ধ "অটল অমৃত অভিযান" আচঁনিৰ সুবিধা। কাছাৰ ব্লকৰ জনস্বাস্থ্য কেন্দ্ৰৰ 10 টা চেন্টাৰত উপলব্ধ এই অটল অমৃত অভিযান ৷ বৰ্তমানলৈ
লগতে পঢ়কঃ অটল অমৃত অভিযান : শিৱসাগৰত ধোঁৱা চাঙত অটল অমৃত আঁচনি