অসম

assam

ETV Bharat / state

আসাম বিশ্ববিদ্যালয়ৰ ঘটনাৰ এজন অভিযুক্তক আটক - Silchar Assam University incident one accused arrested

শিলচৰ আসাম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক আক্ৰমণ কৰা ঘটনাৰ এজন অভিযুক্ত আটক ৷ উক্ত ঘটনা সন্দৰ্ভত শিলচৰ চহৰত বিশ্ব বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ ৷

Silchar Assam University incident : one accused arrested
আসাম বিশ্ববিদ্যালয়ৰ ঘটনাৰ এজন অভিযুক্তক আটক

By

Published : Dec 5, 2019, 5:19 AM IST

শিলচৰ,5 ডিচেম্বৰ : আসাম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক আক্ৰমণৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ । মঙলবাৰে ৰাতি অসম বিশ্ববিদ্যালৰ এগৰাকী ছাত্ৰীক শিলচৰ মেডিকেল কলেজৰ সম্মুখত তিনিজন দুষ্কৃতি কাৰিয়ে অপকৰ্ম কৰাৰ প্ৰচেষ্টা কৰিছিল । তাৰেই পৰিপ্ৰেক্ষিতত মঙলবাৰৰ ৰাতিৰ পৰা বুধবাৰলৈ গোটেই দিন আন্দোলন কৰিছিল অসম বিশ্ববিদ্যালৰ ছাত্ৰ-ছাত্ৰী সকলে । তেওঁলোকৰ দাবী আছিল অপৰাধীক সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ, নহ'লে আন্দোলন চলাই থাকিব । শিলচৰ পথ অবৰোধ কাৰ্যসূচী পৰ্যন্ত কৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ এই আন্দোলনৰ পৰিপ্ৰেক্ষিততে আজি শিলচৰ আৰক্ষীয়ে উক্ত ঘটনাৰ তিনিজন অভিযুক্তৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন অভিযুক্তজনৰ নাম হৈছে যিউৰ ৰহমান লস্কৰ ৷

আটকাধীন ঘটনাৰ অভিযুক্ত যিউৰ ৰহমান লস্কৰ
আসাম বিশ্ববিদ্যালয়ৰ ঘটনাৰ এজন অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details