শিলচৰ, 18 নৱেম্বৰঃ শিলচৰৰ নিষিদ্ধপল্লীৰ পৰা উদ্ধাৰ সাতগৰাকী যুৱতী ৷ নেপালৰ শক্তি সমূহ সংস্থা আৰু কাছাৰ আৰক্ষীৰ সহযোগত চাৰিজনী নাৱালিকাসহ সাতোগৰাকী যুৱতীক উদ্ধাৰ কৰা হয় ৷ আনহাতে, যুৱতীসকলৰ দ্বাৰা দেহ ব্যৱসায় চলোৱা মক্ষীৰাণী লক্ষী তামাং নামৰ মহিলাগৰাকীকো আটক কৰে আৰক্ষীয়ে ৷
শিলচৰৰ নিষিদ্ধপল্লীৰ পৰা উদ্ধাৰ সাতগৰাকী যুৱতী - silchar human trafficking
বিগত জুলাই মাহতো সংগঠনটোৱে শিলচৰৰ এই নিসিদ্ধপল্লীৰ পৰা দুগৰাকী যুৱতীক উদ্ধাৰ কৰি সোধ-পোছ চলাইছিল ৷ এই যুৱতী দুগৰাকীৰ পৰাই আৰক্ষীয়ে লক্ষী তামাঙে আটক কৰি ৰখা আনকেইগৰাকী যুৱতীৰ বিষয়ে তথ্য লাভ কৰে ৷
শিলচৰৰ নিসিদ্ধ পল্লীৰ পৰা উদ্ধাৰ সাতগৰাকী যুৱতী
উল্লেখ্য যে, বিগত জুলাই মাহতো সংগঠনটোৱে শিলচৰৰ এই নিসিদ্ধপল্লীৰ পৰা দুগৰাকী যুৱতীক উদ্ধাৰ কৰি সোধ-পোছ চলাইছিল ৷ এই যুৱতী দুগৰাকীৰ পৰাই আৰক্ষীয়ে লক্ষী তামাঙে আটক কৰি ৰখা আনকেইগৰাকী যুৱতীৰ বিষয়ে তথ্য লাভ কৰে ৷ আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ সহযোগত আটাইকেইগৰাকীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সংগঠনটোৱে ৷