অসম

assam

ETV Bharat / state

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ ! - দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল ৷ কিন্তু ৰহস্যজনক ভাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধেও ৷ সোমবাৰে শিশুগৰাকীৰ পিতৃসহ আন কেবাজনো লোকে কাছাৰৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰস্থ হৈ বিষয়টো অৱগত কৰায় ৷

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰৰ অভিযোগ

By

Published : Jun 4, 2019, 3:20 PM IST

কাছাৰ, 4 জুনঃ 'চেকনিৰ আগত বিদ্যা' , এই আপ্তবাক্য শাৰী যদিও আমাৰ সমাজত প্ৰচলিত কিন্তু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এই ব্যৱস্থাৰ বিৰুদ্ধে ৰায়দান প্ৰদান কৰিছে ৷ কিন্তু অসমত আজিও এই বাক্যশাৰী সৰোগত কৰি বহু শিক্ষকে ছাত্ৰ-ছাত্ৰীক চেকনিৰ আগত বিদ্যা দিয়াই নহয় চলাই গৈছে নিৰ্মম অত্যাচাৰ ৷

পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ৷ কাছাৰৰ ভাঙ্গাৰপাৰ অঞ্চলত অৱস্থিত স্প্ৰীং ডেলছ একাডেমী নামৰ বিদ্যালয় খনৰ প্ৰধান শিক্ষক জয়নাল আবেদিন বড়ভূঞাই বিদ্যালয়খনত অধ্যয়নৰত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ এগৰাকীক সৰু কথাতে বেয়াকৈ প্ৰহাৰ কৰে ৷ প্ৰচণ্ড আঘাত লৈ ছাত্ৰজন বাসগৃহত উপস্থিত হোৱাৰ পিচতে তেওঁৰ পিতৃয়ে ঘটনাৰ বুজ লবলৈ বিদ্যালয়খনত উপস্থিত হয় ৷ পিছত ছাত্ৰ জনৰ পিতৃকো স্কুলখনৰ কর্মচাৰী তৃষিত সেনে ভাবুকি দি খেদি পঠিয়াই । তাৰ পিছতে ছাত্ৰ গৰাকীৰ অভিভাৱকে বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ৷

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ !

ইপিনে আৰক্ষীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰ জনৰ অভিভাৱকৰ । ফলত সোমবাৰে শিশুগৰাকীৰ পিতৃসহ আন কেবাজনো লোকে কাছাৰৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰস্থ হৈ বিষয়টো অৱগত কৰায় ৷ তেওঁ‌লোকৰ অভিযোগ, অভিযুক্ত প্ৰধান শিক্ষক জয়নাল আবেদিন পেচাত মিজোৰামৰ কলেজৰ এখনৰ অধ্যাপক । ভাঙ্গাৰপাৰ অঞ্চলৰ দুখীয়া মানুহৰ সন্তানক ভাল ইংৰাজী শিক্ষা প্ৰদান কৰিব বুলি "স্প্ৰীং ডেলছ একাডেমী" নামৰ বিদ্যালয় এখন খুলি প্ৰতিমাহে বুজন পৰিমাণৰ টকা লুট কৰি আহিছে ।

ABOUT THE AUTHOR

...view details