কাছাৰ, 9 এপ্ৰিলঃবৃহস্পতিবাৰে কাছাৰ জিলাৰ সোনাই আৰু ধলাই সমষ্টিৰ কেইবাখনো গাঁৱত চেনিটাইজেশ্যন কৰোৱা হয় । শিলচৰৰ নিকটবৰ্তী শিলকুৰি চাহ বাগিছাস্থিত ঐতিহ্যমণ্ডিত বৰম বাবাৰ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত কৰা হয় চেনিটাইজেশ্যন । চেনিটাইজেশ্যনৰ সময়ত উপস্থিত থাকেবনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । পিঠিত চেনিটাইজাৰ মেচিন লৈ মন্ত্ৰী গৰাকীয়ে নিজেও এই কাৰ্যত অংশ লয় । দুৰ্গাকোনা, চাতলা, শিলকুৰি কেম্প, শিলকুৰি বজাৰ, শিলকুৰি বৰম বাবাৰ মন্দিৰ, বাৰিক নগৰ, ফকিৰটিলা, ঘুংঘুৰ আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় পইন্টত চেনিটাইজেশ্যন কৰোৱা হয় ।
মন্ত্ৰী পৰিমল শুক্লবৈদ্যও নামিল চেনিটাইজেশ্যনত - বৰম বাবাৰ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত কাছাৰত চেনিটাইজেশ্যন
ঐতিহ্যমণ্ডিত বৰম বাবাৰ মন্দিৰ পৰিচালনা সমিটিৰ উদ্যোগত বৃহস্পতিবাৰে, কাছাৰ জিলাৰ সোনাই আৰু ধলাই সমষ্টিৰ কেইবাখনো গাঁৱত চেনিটাইজেশ্যন কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ।
![মন্ত্ৰী পৰিমল শুক্লবৈদ্যও নামিল চেনিটাইজেশ্যনত sanitization in cachar district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6726249-thumbnail-3x2-kk.jpg)
sanitization in cachar district
বৰম বাবাৰ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত কাছাৰত চেনিটাইজেশ্যন