শিলচৰ, ১ জুলাই:অৱশেষত অন্ত পৰিল ৰোষকান্দি চাহ বাগিছাৰ শ্ৰমিকৰ ২০ দিন জোৰা আন্দোলন আৰু ধৰ্মঘটৰ। বাগানৰ মেনেজাৰ ঈশ্বৰ ভাই উবাদিয়াৰ শোষণৰ প্ৰতিবাদত শিলচৰৰ ৰোষকান্দি বাগিছাৰ শ্ৰমিকৰ লগতে মেচিপুৰ আৰু শ্বাহপুৰ বাগিছাৰ শ্ৰমিক সকলে গঢ়ি তুলিছিল তীব্ৰ আন্দোলন।
ধৰ্মঘট প্ৰত্যাহাৰ ৰোষকান্দি বাগিছাৰ চাহ শ্ৰমিকৰ
পুনৰ কামত হাত দিলে ৰোষকান্দি বাগিছাৰ শ্ৰমিক সকলে। বাগানৰ মেনেজাৰক বৰ্খাস্তৰ দাবীৰে বিগত ২০ দিন ধৰি অব্যাহত আছিল আন্দোলন
ধৰ্মঘট প্ৰত্যাহাৰ ৰোষকান্দি বাগিছাৰ চাহ শ্ৰমিকৰ
তাৰ পিছতে আন্দোলনকাৰী আৰু জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় বৈঠক য'ত শ্ৰমিক সকলে তেওলোকৰ ৬৩টা দাবী প্ৰশাসনৰ আগত দাঙি ধৰে। অৱশেষত তদন্ত কমিটি গঠন কৰি প্ৰশাসনে দোষীক উচিত শাস্তি প্ৰদানৰ আশ্বাস দিয়াৰ পাছতহে পৰিস্থিতিৰ অৱসান ঘটে। তাৰ পাছতেই আজিৰ পৰা পুনৰ কৰ্মত যোগদান শ্ৰমিক সকলৰ।