অসম

assam

ETV Bharat / state

বৰাক নদীৰ খহনীয়াৰ কবলত কাছাৰৰ বিস্তীৰ্ণ অঞ্চল - জলসম্পদ বিভাগ

বৰাক নদীৰ খহনীয়াই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে বৰাকৰ বিভিন্ন অঞ্চলত ৷ স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগক সমস্যা সমাধানৰ বাবে ৰাইজে বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

River Erosion At Barakvellay
বৰাক নদীৰ খহনীয়াৰ কবলত কাছাৰৰ বিস্তৰ অঞ্চল

By

Published : Sep 7, 2020, 12:43 PM IST

বৰাক, 7 ছেপ্তেম্বৰ : ৰাজ্যত সৃষ্টি হৈ যোৱা প্ৰলয়ংকাৰী বানৰ ফলত শেহতীয়াকৈ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়া ৷ ইতিমধ্যে, নদীৰ বুকুত জাহ গৈছে ৰাইজৰ ঘৰ-মাটিকে আদি কৰি বিস্তৰ কৃষিভূমি ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে বৰাকতো অব্যাহত আছে তীব্ৰ গৰাখহনীয়া ৷ বৰাক নদীৰ খহনীয়াত জাহ গৈছে কাছাৰ জিলাৰ বিস্তৰ অঞ্চল ৷ জিলাখনৰ শালচাপৰা অঞ্চলৰ ৰাইজ বৰ্তমানে খহনীয়াৰ কবলত পৰি ঘৰ-মাটি হেৰুৱাৰ উপক্ৰম হৈছে ৷

বৰাক নদীৰ খহনীয়াৰ কবলত কাছাৰৰ বিস্তৰ অঞ্চল

অঞ্চলবাসীয়ে জানিবলৈ দিয়া অনুসৰি, বিগত 20 বছৰৰ পৰা বৰাক নদীৰ খহনীয়াই ৰাইজক জুৰুলা কৰি আহিছে ৷ স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগক সমস্যা সমাধানৰ বাবে ৰাইজে বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰবাবে খহনীয়াগ্ৰস্ত ৰাইজে পুনৰ বিভাগীয় কৰ্তৃপক্ষক সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : এন আৰ চি পুনৰীক্ষণক লৈ মিছা মাতিছে চৰকাৰে : উপমন্যু হাজৰিকা

ABOUT THE AUTHOR

...view details