কাছাৰ, 11 ফেব্ৰুৱাৰী:অসমৰ দুই কাগজ কলৰ 81 গৰাকী কৰ্মচাৰীৰ আত্মাৰ সদগতি কামনা কৰি বৃহস্পতিবাৰে শিলচৰত কাগজ কল জইন্ট একশ্যন কমিটিয়ে এক ধৰ্মীয় শোক সমদল বাহিৰ কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি শিলচৰৰ গান্ধীবাগ উদ্যানৰ পৰা মমবাতি প্ৰজ্বলন কৰি সমদল অংশ ল'বলৈ সহস্ৰাধিক লোক উলাই আহিছিল ৷ কিন্তু, আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰাত মমবাতি প্ৰজ্বলন নকৰাকৈ কেৱল সমদল কৰি লোকসকল শিলচৰলৈ শ্মশানঘাটলৈ যায় ৷ শিলচৰ শ্মশান ঘাটত মা কালিৰ মন্দিৰত মমবাতি জ্বলাই সমদলত অংশ লোৱা লোকসকলে মৃত প্ৰয়াত শ্ৰমিক সকলৰ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা কৰে ৷