শিলচৰ,১৬ ফেব্ৰুৱাৰী: ৰাইজৰ মতামত অন্তৰ্ভুক্ত হ'ব কংগ্ৰেছৰ মেনিফেষ্টোত । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্দেশমৰ্মে ১৭ ফেব্ৰুৱাৰীৰ পৰা শিলচৰত আৰম্ভ হ'ব 'অসম বচাও আহক' শীৰ্ষক কংগ্ৰেছৰ জনসচেতনতামূলক ৰেলী । এই ৰেলীৰ জৰিয়তে ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিব কংগ্ৰেছ প্ৰতিনিধিয়ে । সোমবাৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে এক সংবাদমেল সম্বোধন কৰি কয় যে, কংগ্ৰেছৰ প্ৰতিনিধি থকা এখন বাহন বৰাকৰ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব আৰু স্থানীয় লোকৰ সৈতে প্ৰতিনিধিয়ে মত-বিনিময় কৰিব ।
বৰ্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাইজে কি কি সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈছে তথা কি কি অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়ে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক অৱগত কৰিব পাৰিব । লগতে আগন্তুক নিৰ্বাচনত বিজয়ী হৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিলে চৰকাৰে কেনেদৰে কাম কৰা উচিত তথা ৰাইজে চৰকাৰৰ পৰা কি আশা কৰে সেই সম্পৰ্কেও পৰামৰ্শ আগবঢ়াৱ পাৰিব ।