কাছাৰ, 29 ডিচেম্বৰঃপুনৰ সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত যুঁজ দিয়া আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰা হ'ল ৷ এইেবলি প্ৰতিবাদকাৰীৰ কণ্ঠ ৰোধ কৰিবৰ বাবে কাছাৰত গ্ৰেপ্তাৰ কৰা হ'ল প্ৰতিবাদকাৰীক ৷ অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ সম্পাদক এছ হেৰাজিত সিংহক সোণাই থানাই গ্ৰেপ্তাৰ কৰে ৷
কাছাৰত CAA বিৰোধী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ - CAA বিৰোধী আন্দোলন
বহু বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মাত মতা প্ৰতিবাদকাৰী সকলৰ কণ্ঠ ৰোধ কৰিবলৈ যেন তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো প্ৰশাসনৰ একমাত্ৰ লক্ষ্য হৈ পৰিছে ৷ এইবাৰ কাছাৰৰ এছ হেৰাজিত সিংহক গ্ৰেপ্তাৰ কৰিলে সোণাই আৰক্ষীয়ে ৷ CAA বিৰোধী আন্দোলনত নিজৰ বক্তব্য ৰাখিছিল হেৰাজিতে ৷
উল্লেখ্য যে, 23 ডিচেম্বৰত সোণাইৰ স্বাধীন বজাৰত সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত বক্তব্য ৰাখিছিল হেৰাজিতে ৷ ইয়াৰ পাচতে সোণাই থানাৰ আৰক্ষীয়ে হেৰাজিতক উচতনি মূলক আৰু দেশদ্ৰোহী বক্তব্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ 302/ 19 নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে হেৰাজিতক গ্ৰেপ্তাৰ কৰে ৷ ইপিনে তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক নিন্দা জনাই অসম খিলঞ্জীয়া সুৰক্ষা কমিটিয়ে হেৰাজিতক শীঘ্ৰে নিঃচৰ্ত ৰেহাই কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক- "জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী