অসম

assam

ETV Bharat / state

বদৰপুৰত গণ প্ৰহাৰৰ বিৰুদ্ধে ধৰ্ণা - Islamik Student Orgainisation of India

ঝাৰখণ্ডৰ তাৰবেজ আনচাৰিক বৰ্বৰ আক্ৰমণ চলাই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ

বদৰপুৰত গণ প্ৰহাৰৰ বিৰুদ্ধে ধৰ্ণা

By

Published : Jul 3, 2019, 7:20 AM IST

Updated : Jul 3, 2019, 8:40 AM IST

শিলচৰ,2 জুলাই : সমগ্ৰ দেশত সংঘটিত হৈ থকা গণ প্ৰহাৰৰ বিৰুদ্ধে মঙলবাৰে বদৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ইছলামিক ষ্টুডেণ্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৱে ৷ ঝাৰখণ্ডৰ তাৰবেজ আনচাৰিক বৰ্বৰ আক্ৰমণ চলাই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷ লগতে বৰ্তমান বিজেপি দলৰ একাংশ নেতা কৰ্মীৰ সাম্প্ৰদায়িক মন্তব্যক সমালোচনা কৰি ভাৰতত শান্তি সম্প্ৰতি বৰ্তাই ৰখাৰ আহ্বান জনাই । প্ৰতিবাদকাৰী সকলে মহাত্মা গান্ধী জিন্দাবাদ আৰু নাথুৰাম গডছে মূৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷

বদৰপুৰত গণ প্ৰহাৰৰ বিৰুদ্ধে ধৰ্ণা
Last Updated : Jul 3, 2019, 8:40 AM IST

ABOUT THE AUTHOR

...view details