অসম

assam

By

Published : Feb 14, 2020, 11:29 PM IST

ETV Bharat / state

পঞ্চম দিনাও অনশন অব্যাহত অসম বিশ্ববিদ্যালয়ত

শুকুৰবাৰে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ পঞ্চমটো দিনত উপনীত হয় ৷ পঞ্চম দিনটোত এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাৰিগৰাকীকৈ ছাত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

Protest is going on Assam University
পঞ্চম দিনাও অনশন অব্যাহত অসম বিশ্ববিদ্যালয়ত

শিলচৰ, 14 ফেব্ৰুৱাৰীঃপঞ্চম দিনাও আন্দোলন অব্যাহত শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত ৷ এগৰাকী গৱেষক ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰতিবাদত অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল ছাত্ৰসমাজ তথা গৱেষক ছাত্ৰ সমাজে ৷ শুকুৰবাৰে এই আন্দোলনে পঞ্চমটো দিনত ভৰি দিয়ে ৷ পঞ্চম দিনটোত এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাৰিগৰাকীকৈ ছাত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ছাত্ৰ সমাজৰ দাবীক ন্যায্য প্ৰাপ্ত নকৰালৈকৈ আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে ছাত্ৰ সমাজে ৷ আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ এই আন্দোলনত বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সন্থাই পৃথককৈ সমৰ্থন জনাইছে ৷

পঞ্চম দিনাও অনশন অব্যাহত অসম বিশ্ববিদ্যালয়ত

ABOUT THE AUTHOR

...view details