শিলচৰ, ১ জুলাই :দেশত কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত থকাৰ মাজতে প্ৰতিষেধক (Vaccine) প্ৰদান কাৰ্যসূচী চলাই গৈছে প্ৰতিখন ৰাজ্যই । অসমত ইতিমধ্যে প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা দিছে স্বাস্থ্য বিভাগে (Health Department) । কঠোৰভাৱে সকলো লোককে প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰে । আনকি চৰকাৰে দাবী কৰিছে যে অতি দ্ৰুতগতিত প্ৰতিখন জিলাতে প্ৰতিশেধক প্ৰদানৰ কাৰ্যসূচী লোৱা হৈছে ।
কিন্তু সঁচা অৰ্থত জনো প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সফল হৈছে ? এতিয়াও বহু ঠাইত ৰাইজে প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । প্ৰতিষেধকৰ নাটনিৰ (Vaccine Crisis) বাবে বহু প্ৰতিষেধক কেন্দ্ৰ বন্ধ কৰিবলগীয়া হৈছে । ঠায়ে ঠায়ে আকৌ ৰাইজে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি থাকিও লাভ কৰিব পৰা নাই প্ৰতিষেধক ।
এইবাৰ প্ৰতিষেধক নোপোৱাৰ বাবেই শিলচৰৰ ৰংপুৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে একাংশ লোকে । পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক যোগানৰ দাবীত ৰংপুৰত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে । বহুসময় ধৰি ৰাজপথ অৱৰোধ কৰি ৰাখিলে উত্তেজিত ৰাইজে ।