হাফলং, 19 জুলাই:যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত উত্তপ্ত কাছাৰ ৷ কাছাৰ জিলাৰ শিলচৰৰ ৰাংগীৰখাৰিৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰৰ নিশা শিলচৰ ৰাংগীৰখাৰিৰ সমগ্ৰ অঞ্চল উত্তপ্ত হৈ উঠে । আৰক্ষী আৰু সাধাৰণ ৰাইজৰ খণ্ডযুদ্ধত আহত চিআৰপিএফ বাহিনী আৰু আৰক্ষী জোৱান । উল্লেখ্য যে, যোৱা 16 জুলাইৰ দিনা শিলচৰ ৰাংগীৰখাৰি এলেকাৰ এগৰাকী যুৱতী সন্ধানহীন হৈছিল ৷ ইয়াৰ পিচতে নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ৰাংগীৰখাৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।
ইয়াৰ পিচত অৰ্থাৎ 18 জুলাই মঙলবাৰে ধুয়াৰবন্দ এলেকাত এটা বিল্ডিঙত কাম কৰা শ্ৰমিকে দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিয়ে ৷ যথাস্থানত আৰক্ষী গৈ উপস্থিত হোৱাৰ পিচতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৰ্ধগলিত অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ । যুৱতীগৰাকীৰ পৰিয়ালে মৃতদেহটো তেওঁলোকৰ জীয়ৰীৰ বুলি চিনাক্ত কৰাৰ পিচতে মঙলবাৰৰ নিশা উত্তপ্ত হৈ পৰে ৰাংগীৰখাৰি এলেকাৰ পৰিৱেশ ৷ সহস্ৰাধিক লোক ওলায় আহি যুৱতীগৰাকীৰ মৃতদেহ সমুখত লৈ পথ অৱৰোধ কৰাৰ লগতে হত্যাকাৰীৰ ফাঁচীৰ দাবীত সৰৱ হৈ উঠা পৰিলক্ষিত হয় ।