অসম

assam

ETV Bharat / state

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা - নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসম

শিলচৰত এন আৰ চিক লৈ প্ৰায় পঞ্চাশটা সংগঠনৰ জোঁট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসমৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত ৷

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা

By

Published : Sep 8, 2019, 6:55 AM IST

Updated : Sep 8, 2019, 8:22 AM IST

শিলচৰ, 08 চেপ্তেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছৰে পৰা প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। শনিবাৰে শিলচৰত এন আৰ চিক লৈ প্ৰায় পঞ্চাশটা সংগঠনৰ জোঁট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসমৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত এন আৰ চিৰ পৰা বাদ পৰা 19 ভাৰতীয় নাগৰিকৰ নাম পুনৰ পৰীক্ষা কৰি অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ৷ সমিতিৰ কেন্দ্ৰীয় সভাপতি তপোধীৰ ভট্টাচাৰ্যই নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰি কয় যে, চৰকাৰে ভাৰতীয় সকলক সাংবিধানিক অধিকাৰ দিব লাগিব ৷

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা
Last Updated : Sep 8, 2019, 8:22 AM IST

ABOUT THE AUTHOR

...view details