শিলচৰ, 17 ডিচেম্বৰ: সম্প্ৰতি শিলচৰৰ একাংশ বিউটী পাৰ্লাৰত দেহ ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হৈছে ৷ এনে অভিযোগৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলায় শিলচৰৰ কেইবাখনো স্পা পাৰ্লাৰত ৷ অভিযানকালত আৰক্ষীয়ে এখন পাৰ্লাৰৰ পৰা আপত্তিজনক অৱস্থাত 4 গৰাকী যুৱতীক হাতোলোটে আটক কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে ৷
শিলচৰৰ একাংশ পাৰ্লাৰত চলিছে দেহ ব্যৱসায় চক্ৰ - পাৰ্লাৰ
শিলচৰৰ একাংশ বিউটী পাৰ্লাৰত দেহ ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযান চলাই এখন পাৰ্লাৰৰ পৰা আপত্তিজনক অৱস্থাত 4 যুৱতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

শিলচৰৰ পাৰ্লাৰত চলিছে দেহ ব্যৱসায় চক্ৰ
অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত আটক কৰা যুৱতী কেইগৰাকীক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে আটাইকেইগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷