অসম

assam

ETV Bharat / state

বৰাকে মানি নলয় অসমীয়া ভাষা নহ'লে পুনৰাবৃত্তি হ'ব 60ৰ দশক! - অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহয় বুলি কৰা মন্তব্য

অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহয় বুলি কৰা মন্তব্য সম্পৰ্কত Etv Bharat ৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ নিজৰ মত বিতংভাবে প্ৰকাশ কৰে অল কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায়ে ৷

prodip dutta Roy exclusive interview with Etv Bharat
Etv Bharatক কি ক’লে প্ৰদীপ দত্ত ৰায়ে

By

Published : Dec 3, 2019, 5:32 PM IST

কাছাৰ, 3 ডিচেম্বৰঃ অল কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায়ৰ বক্তব্যত তোলপাৰ সমগ্ৰ অসম ৷ অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহয় বুলি কৰা মন্তব্যই এতিয়া সূত্ৰপাত ঘটাইছে বিতৰ্কৰ ৷ Etv Bharat ৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ নিজৰ মন্তব্যৰ বিষয়ে বিতংভাবে প্ৰকাশ কৰে ৷

Etv Bharatক কি ক’লে প্ৰদীপ দত্ত ৰায়ে

অসমৰ মুখ্যমন্ত্ৰীয়ে বৰাক-ব্ৰহ্মপুত্ৰ সমন্বিতে সকলো ভাষা-ভাষিক একত্ৰিত কৰাৰ প্ৰয়াস কৰি আছে যদিও কিছুমান অপশক্তিয়ে সেই এনাজৰীডালক নষ্ট কৰাৰ প্ৰয়াস কৰি আছে বুলি প্ৰদীপ দত্ত ৰায়ে উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে বৰাক উপত্যকাত যদি অসমীয়া ভাষা জাপি দিয়া হয় তেতিয়া সমগ্ৰ বৰাকতে তীব্ৰ আন্দোলনৰ সৃষ্টি হ’ব ৷ 60ৰ দশকৰ ভাষা আন্দোলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে পুনৰ এনেধণৰ আন্দোলনৰ বাবে সাজু বৰাক উপত্যকা আৰু এই আন্দোলনৰ নেতৃত্ব দিব অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ আনহাতে তেওঁ কয় যে আমি অসমীয়া ভাষাৰ বিৰোধী নহয় কিন্তু বাংলা প্ৰধান বৰাক উপত্যকাত অসমীয়া ভাষা জাপি দিয়াটো কেতিয়াও মানি ল’ব নোৱাৰো ৷ তেওঁ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ ইতিহাস নাজানে বুলিও কটাক্ষ কৰে ৷

আৰু পঢ়কঃ কেব' সন্দৰ্ভত আক্ৰাছুৰ সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ 'প্ৰতিক্ৰিয়া

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details