শিলচৰ, 7 ফেব্ৰুৱাৰী:সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক ৰাজনৈতিক দলৰ মাজত ব্যাপক ৰাজনৈতিক তৎপৰতা অব্যাহত থকাৰ মাজতে শাসক দল বিজেপিয়েও দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰিছে ৷ শনিবাৰে আলগাপুৰ সমষ্টিতো বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় ৷
উক্ত সন্মিলনত উপস্থিত থাকি বিজেপি দলৰ নেতৃবৰ্গই অভিযোগ কৰে যে, এআইইউডিএফৰ বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰীয়ে সাম্প্ৰদায়িকতাৰ মনোভাৱ লৈ কাম কৰি আছে আৰু সেয়ে আলগাপুৰ সমষ্টিত উন্নয়ন প্ৰায় স্তব্ধ হৈ পৰিছে ৷
হাজী নিজাম উদ্দিন চৌধুৰীয়ে সাম্প্ৰদায়িকতাৰ মনোভাৱ লৈ কাম কৰাৰ অভিযোগ বিজেপিৰ নেতা কৰ্মীৰ শনিবাৰে অনুষ্ঠিত সন্মিলনীত অংশ লৈ অমিয় কান্তি দাস, নিত্যভূষণ দে, স্বপন ভট্টাচাৰ্য, অমিতাভ ৰায়, সুৰজ সেন, সুদীপ দেৱ, অনুৰাধা দেৱ, সঞ্জিত দেৱ, বীৰেন্দ্ৰ চন্দ্ৰ দাস, ভূষণ দেৱকে ধৰি বিজেপি দলৰ বহুকেইগৰাকী নেতা কৰ্মীয়ে নিজৰ বক্তব্য ৰাখে ৷ সভাত বক্তব্য ৰাখি বিজেপি দলৰ এইসকল নেতৃবৰ্গই কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বাৰ্তা সমষ্টিটোৰ প্ৰতিজন ৰাইজৰ কাষলৈ কঢ়িয়াই লৈ যোৱাৰ আহ্বান জনায় ৷
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন ঘুৰাই পঠিয়ালে আটছাই