ডিমা হাছাও, 7 ছেপ্তেম্বৰঃ অসম বিশ্ববিদ্যালয়ৰ অধীনত থকা হাফলং চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয় আৰু দুখন পাহাৰীয়া জিলাৰ প্ৰাদেশিক মহাবিদ্যালয়ক হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল৷ শুকুৰবাৰে হাফলঙস্থিত ডিমাছা ছাত্ৰ সংস্থাৰ সদৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ডিমাছা ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰমীথ চেঙিয়ংয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এই মন্তব্য কৰে৷
ডিমাছা ছাত্ৰ সংস্থাই গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ! - Press meet of Dimasa student union
ৰাজ্য চৰকাৰে এক চৰকাৰী বিজ্ঞপ্তি যোগে, অসম বিশ্ববিদ্যালয়ৰ অধীনত থকা হাফলং চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয় আৰু দুখন পাহাৰীয়া জিলাৰ প্ৰাদেশিক মহাবিদ্যালয়ক হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক ডিমাছা ছাত্ৰ সংস্থাই বিৰোধিতা কৰে৷
যোৱা 18 মাৰ্চত ৰাজ্য চৰকাৰে এক চৰকাৰী বিজ্ঞপ্তি যোগে, অসম বিশ্ববিদ্যালয়ৰ অধীনত থকা হাফলং চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয় আৰু দুখন পাহাৰীয়া জিলাৰ প্ৰাদেশিক মহাবিদ্যালয়ক হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল ৷ এই সিদ্ধান্ত মানি নোলোৱাৰ প্ৰসংগত ডিমাছা ছাত্ৰ সংস্থাই এক সংবাদমেল সংবাদমেল সম্বোধন কৰে৷ এই সংবাদমেলত ডিমাছা ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰমীথ চেঙিয়ংয়ে কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদক অৱজ্ঞা কৰি ৰাজ্য চৰকাৰে নিজাববীয়া যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া দুৰ্ভাগ্যজনক ঘটনা৷ লগতে তেওঁ কয় যে শীঘ্ৰে যদি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত সলনি নকৰে তেনেহলে ডিমাছা ছাত্ৰ সংস্থাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব৷