অসম

assam

ETV Bharat / state

কেন্দ্ৰ-ৰাজ্যৰ অৱহেলাৰ বাবে সীমান্ত সমস্যা বঢ়াৰ দাবী কংগ্ৰেছৰ - ৰাজ্য চৰকাৰ

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত অসম-মিজোৰামৰ সীমান্ত সমস্যা বাঢ়িছে বুলি দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি বহু কেইজন নেতাই এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে ৷

press-meet-congress-party-assam-mizoram-border-issue-etv-bharat-assam-news
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই সীমান্ত সমস্যা বাঢ়িছে : অসম প্ৰদেশ কংগ্ৰেছ

By

Published : Jul 29, 2021, 7:38 PM IST

শিলচৰ, 29 জুলাই :অসম-মিজোৰাম সীমান্তত চলি থকা সমস্যাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক দোষী সাব্যস্ত কংগ্ৰেছৰ । বুধবাৰে শিলচৰত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱজিৎ শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই দাবী উত্থাপন কৰে ৷ বিৰোধী দলটোৰ মতে অসম-মিজোৰাম সীমান্তত অচলাৱস্থাৰ সৃষ্টিৰ মূল দোষী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ৷

কেন্দ্ৰ-ৰাজ্যৰ অৱহেলাৰ বাবে সীমান্ত সমস্যা বঢ়াৰ দাবী কংগ্ৰেছৰ

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে শিলং ভ্ৰমণ কৰি যোৱাৰ পিছত অসম-মিজোৰাম সীমান্তত কিদৰে উত্তেজনা সৃষ্টি হ’বলৈ পালে, সেই বিষয়ে প্ৰশ্ন তুলিছে কংগ্ৰেছ নেতৃবৃন্দই ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সঠিক সময়ত পদক্ষেপ ল’লে অসম আৰক্ষী শ্বহীদ নহ’লহেতেন বুলি মন্তব্য কৰিছে বিৰোধী দলটোৱে । পূৰ্বৰে পৰা কংগ্ৰেছ দলে অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানৰ দাবী জনাই আহিছে বুলি সংবাদমেলত প্ৰকাশ কৰে ।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত অসম-মিজোৰামৰ সীমান্ত সমস্যা বাঢ়িছে বুলিও বিভিন্ন দাবী উত্থাপিত কৰিছে কংগ্ৰেছ নেতৃবৃন্দই ৷

লগতে পঢ়ক:মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ

ABOUT THE AUTHOR

...view details