অসম

assam

ETV Bharat / state

স্বাস্থ্যৰ অৱনতি ঘটিছে হাইলাকান্দিৰ কৰ’ণা আক্ৰান্তৰ

ক্ৰমাৎ শাৰিৰীক অৱনতি ঘটিছে হাইলাকান্দিৰ Covid 19 ত আক্ৰান্ত ব্যক্তিগৰাকীৰ ৷ সম্প্ৰতি ব্যক্তি গৰাকীক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ৰখা হৈছে ৷

Poor health condition of hailakandi Covid 19 patient
স্বাস্থ্যৰ অৱনতি ঘটিছে হাইলাকান্দিৰ কৰ’ণা আক্ৰান্তৰ

By

Published : Apr 9, 2020, 8:25 PM IST

শিলচৰ,9 এপ্ৰিলঃ হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ কৰ’ণা আক্ৰান্ত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত বৃহস্পতিবাৰে আই চি ইউলৈ স্থানান্তৰ কৰা হয় । সম্প্ৰতি ব্যক্তিগৰাকীক ভেণ্টিলেচনত ৰখাৰ কথা জনাইছে চিকিৎসকে । লগতে কৰ’ণাত আক্ৰান্ত ব্যক্তিগৰাকীৰ দুয়োটা হাওঁফাওঁত নিউমোনিয়াৰ সংক্ৰমণ পোৱা গৈছে ৷ ষাঠীৰোৰ্ধৰ ব্যক্তি গৰাকী পূৰ্বৰে পৰা উচ্চ ৰক্তচাপত ভোগা বুলি শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তয়ে জনায় ।

স্বাস্থ্যৰ অৱনতি ঘটিছে হাইলাকান্দিৰ কৰ’ণা আক্ৰান্তৰ

ABOUT THE AUTHOR

...view details