শিলচৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য - Drugs Recovered
কাছাৰ জিলাৰ DSP আশ্চৰ্য জীৱন বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত আটক হয় ৰাজ দাস নামৰ এজন ব্যক্তিৰ লগতে এজন কিশোৰ ৷
বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য
শিলচৰ, 18 নৱেম্বৰ : শিলচৰ চহৰৰ মাজমজিয়াত থকা বিলপাৰত পুলিচে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৷ কাছাৰ জিলাৰ DSP আশ্চৰ্য জীৱন বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত আটক হয় ৰাজ দাস নামৰ এজন ব্যক্তিৰ লগতে এজন কিশোৰ ৷ তথ্য অনুসৰি উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীখিনীৰ মূল্য প্ৰায় ষাঠি লক্ষাধিক টকা ৷বিগত বহু দিনৰ পৰা জিলাখনত গোপনে ড্ৰাগছৰ বেহা চলি থকাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে ৷ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷