শিলচৰ, 20 এপ্ৰিল: কৰ'ণা মহামাৰীক ৰোধ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ নিৰ্দেশত দেশজুৰি অব্যাহত আছে লক ডাউন ৷ লক ডাউনৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে মানৱ জাতিৰ স্বাভাৱিক জীৱন যাপন ৷ কিন্তু এই লক ডাউনৰ এই সময়ছোৱাত পূৰ্বতকৈ দায়িত্ব বৃদ্ধি পাইছে আৰক্ষীৰ দৰে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা বহু কৰ্মচাৰী ৷ ইয়াৰ মাজতো আৰ্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি মানৱীয়তাবোধৰ পৰিচয় দি আহিছে একাংশ আৰক্ষীৰ লোকে ৷ দেওবাৰে শিলচৰৰ চহৰত কৰ্তব্যৰত যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তনু দাসৰ মানৱীয়তাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
উল্লেখ্য যে,কৰ্মৰত অৱস্থাতে শনিবাৰে নিশা যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তনু দাসে ৰংপুৰ নামৰ এঠাইত হঠাতে এগৰাকী মহিলাৰ কান্দোন শুনিবলৈ পায় ৷ লগে লগে তেওঁৰ লগত থকা হাবিলদাৰ দেৱাশীষ দেৱলস্কৰক লগত লৈ মহিলা গৰাকীৰ ওচৰলৈ যোৱাত এগৰাকী মহিলাই প্ৰসৱ বেদনাত ছটফটাই থকা দেখিবলৈ পায় ৷ লগে-লগে তেওঁ এখন অটো ৰিক্সাত তুলি শিলচৰ অসামৰিক হাস্পতালত ভৰ্তি কৰে মহিলা গৰাকীক ৷