শিলচৰ,৪ ফেব্ৰুৱাৰী: শিলচৰত সংঘটিত হয় এক নিৰ্লজ্জ ঘটনা । এগৰাকী যুৱতীক ভয় ভাবুকিৰে প্ৰায় ৫ বছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এজন আৰক্ষী জোৱানৰ বিৰুদ্ধে । অৱশেষত যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ ষষ্ঠ অসম আৰক্ষীৰ বেটেলিয়ানৰ হাবিলদাৰ পদত কৰ্মৰত শ্যামল সিনহা নামৰ জোৱানজন । শিলচৰৰ ৰংপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত জোৱান জনক । আদালতে জোৱান জনক জেললৈ প্ৰেৰণ কৰে । এই ঘটনাৰ পিছতে আৰক্ষী মহলত এতিয়া তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে ।
উল্লেখ যে ডিমাহাছাও জিলাৰ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে ২০১৫ চনৰ পৰা অভিযুক্ত শ্যামল সিনহাই তাইৰ সৈতে প্ৰেমৰ প্ৰলোভন দি গঢ়ি তুলিছিল শাৰীৰিক সম্পৰ্ক ৷ কিছুদিন পিছত যুৱতী গৰাকীয়ে শাৰীৰিক সম্পৰ্কৰ বাবে বাধা অশ্বীকাৰ কৰে কিন্তু শ্যামল সিনহাই তাইৰ পিতৃ-মাতৃক ভুৱা গোচৰত আটক কৰাৰ ভয় দেখুৱাইছিল ৷ ভয় দেখুৱাই মাহুৰৰ পৰা শিলচৰ লৈ আহি এটা ভাড়াঘৰত ৰাখি যুৱতী গৰাকীৰ সৈতে যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰিছে যুৱতী গৰাকীয়ে ৷