অসম

assam

ETV Bharat / state

Assam Govt distribute Bicycles: শিলচৰত চাইকেল বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ - Assam Govt distribute Bicycles

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত কাছাৰতো ছাত্ৰ-ছাত্ৰীলৈ চাইকেল বিতৰণ ৷ কাছাৰ জিলাৰ ২৪২২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেল । ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই  ৷

Piyush Hajarika distributes bicycle in Silchar
শিলচৰত চাইকেল বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:13 PM IST

শিলচৰ,১৩ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কাছাৰ জিলাতো মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় । সেই অনুসৰি শিলচৰত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে চাইকেল ।

শিলচৰত চাইকেল বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ৩.৬৯ লাখ নৱম শ্ৰেণীত অধ্যনৰত শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল । শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ শুভাৰম্ভ কৰা হয় । মন্ত্ৰী হাজৰীকাই অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানৰ জৰিয়তে কাছাৰ জিলাৰ মুঠ ২৪২২০ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব চাইকেল । মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে জিলাখনত চাইকেল বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি উপস্থিত প্ৰায় তিনি হাজাৰোধিক শিক্ষাৰ্থীক উদ্দেশ্যি কয় যে তেওঁলোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ অধ্যয়ন কৰিবই লাগিব ।

আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই

অধ্যৱসায়েৰে ভাৰতীয় নাগৰিকে ভাৰততে আনুষ্ঠানিক শিক্ষা লাভ কৰি গুগল, মাইক্ৰ'চফ্ট আদি বৃহৎ কোম্পানীৰ শীৰ্ষ পদবীত অধীস্থিত হ'বলৈ সক্ষম হৈছে । সেয়ে মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায় । আনহাতে শিক্ষা আৰু প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক স্বদেশ আৰু স্ব-জাতিৰ প্ৰতি দায়বদ্ধ হৈ জীৱনত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় ।

কাছাৰ জিলাৰ ২৪২২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ

বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যখনত বহুকেইখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি কাৰ্যক্ষম কৰাৰ ফলত বহুতো স্থানীয় শিক্ষাৰ্থীয়ে চিকিৎসক আৰু অভিযন্তা হ'বলৈ সুযোগ লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে শিক্ষাৰ্থীসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰে চৰকাৰে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে । উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কদ্বয় দীপ্যায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায়, জিলা আয়ুক্তকে আদি কৰি আন আন বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Govt distribute Bicycles : তিনিচুকীয়াৰ নৱম শ্ৰেণীৰ ১২৭৭০ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান

For All Latest Updates

ABOUT THE AUTHOR

...view details