অসম

assam

Pinky Rai Murder case: ফাদিল পিংকী হত্যাকাণ্ডৰ ৰহস্য, পিনাকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক

By

Published : Jul 20, 2023, 11:00 PM IST

"যদি মই নাপাওঁ, আন কাকো পাবলৈ নিদিওঁ..." পিনাক শুক্লবৈদ্যৰ অকপট স্বীকাৰোক্তি ৷ ত্ৰিকোণ প্ৰেমৰ বাবে শীতল মস্তিস্কৰে প্ৰেমিকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক ৷

পিনাকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক
boyfriend choked to death girlfriend

boyfriend choked to death girlfriend

কৰিমগঞ্জ, 20 জুলাই : বৰাক উপত্যকা কঁপোৱা পিংকী ৰায় হত্যাকাণ্ডৰ নতুন মোৰ ৷ ত্ৰিকোণ প্ৰেমৰ বাবে শীতল মস্তিস্কৰে প্ৰেমিকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক ৷ "যদি মই নাপাওঁ, আন কাকো পাবলৈ নিদিওঁ..." পিনাক শুক্লবৈদ্যৰ অকপট স্বীকাৰোক্তি ৷

উল্লেখ্য যে, 16 জুলাইত পিংকী ৰয়ৰ পিতৃয়ে ৰঙাৰখাডী থানাত কন্যা নিৰুদ্দেশ হোৱাৰ ৰিপৰ্ট দাখিল কৰিছিল ৷ তাৰ পিচতে মঙলবাৰ অৰ্থাৎ 18 জুলাইত ধৱৰবন্দ আৰক্ষী থানাৰ কাষৰ এটা অট্টালিকাত উদ্ধাৰ হয় পিংকীৰ গলি যোৱা মৃতদেহ ৷

এই ঘটনাৰ পিচতেই শিলচৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ বহুলোকে পিংকীক হত্যা কৰাৰ সন্দেহত ন্যায় বিচাৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ প্ৰতিবাদথলীত পৰিস্থিতিয়ে উত্তপ্ত ৰূপ লোৱাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ ঘটনাৰো সৃষ্টি হৈছিল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পইণ্ট ব্লেংক ৰেঞ্জত গুলীচালনা কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ ঘটনা ৰঙাৰখাদীত কেইবাজনো আৰক্ষী জোৱান আৰু চি আৰ পি এফৰ জোৱান আহত হৈছিল ৷ ইষ্টাৰ্ণ ডেইলী নামৰ সংবাদমাধ্যমৰ শিলচৰৰ সংবাদদাতা সুৰজিৎ চক্ৰৱৰ্তীৰ শৰীৰতো শিলগুটি লগাত তেওঁ গুৰুতৰভাৱে আহত হৈছিল ৷ আহতসকলক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

এই উত্তপ্ত ঘটনাৰ পিচতে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই বৃহৎ আৰক্ষী বাহিনীৰ এটা দল লৈ সেই স্থানত উপস্থিত হয় ৷ বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল ৷

অৱশেষত 19 জুলাই তাৰিখে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে পিংকী ৰায়ক হত্যা কৰাৰ ঘটনাৰ প্ৰতৃত তথ্য ৷ প্ৰকৃততে ত্ৰিকোণ প্ৰেমৰ বাবে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল পিংকীক ৷ এই জঘন্য কাণ্ড সংঘটিত কৰিছিল পিংকীৰ প্ৰেমিক পিনাক শুক্লবৈদ্যয়ে ৷ বুধবাৰে সন্ধিয়া কাছাৰ আৰক্ষীয়ে অভিযান চলাই হাইলাকান্দিৰ লালাৰ পৰা পিংকী ৰায়ৰ প্ৰেমিক পিনাক শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰি জেৰা কৰে ৷ আৰক্ষীৰ মাৰাথন জেৰাত মুখ খোলে পিনাকে ৷

পিংকীৰ প্ৰেমিক পিনাকে আৰক্ষীক স্বীকাৰোক্তি দিয়ে যে, পিংকীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল পিনাকে ৷ পিনাক কৰ্মসূত্ৰে বেংগালুৰুত বাস কৰে ৷ পিংকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল পিনাকৰ ৷ পিনাকে বেংগালুৰুৰ পৰা পিংকীক লগ ধৰিবলৈ শিলচৰলৈ আহিছিল ৷ পিংকীক ধ্বৰাবন্দৰৰ এটা নৱনিৰ্মীয়মান অট্টালিকালৈ লৈ গৈছিল পিনাকে ৷ তালৈ গৈ দুয়োজনৰ মাজত কোনো এটা ইছ্যুক লৈ তীব্ৰ কাজিয়াৰ সৃষ্টি হয় ৷ তাৰ পিচত পিনাকে পিংকীক ডিঙি চেপি হত্যা কৰে ৷

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই বৃহস্পতিবাৰে এক সংবাদমেলযোগে সমগ্ৰ ঘটনা বিৱৰি কয় ৷ অৱশ্যে ঘটনাৰ তদন্তৰ স্বাৰ্থত এই ঘটনাৰ লগত আন কোনো লোক জড়িত আছে নে নাই সেই কথা প্ৰকাশ কৰা হোৱা নাই ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও চলি আছে, এই হত্যাকাণ্ডৰ আঁৰত কি ৰহস্য আৰু কোন জড়িত আছে সেয়া সম্পূৰ্ণ তদন্তৰ পিছত অধিক স্পষ্ট হ’ব ৷

লগতে পঢ়ক:Youth committed suicide: প্ৰেয়সীৰ প্ৰতাৰণা; অন কেমেৰা চিপ লৈ মৃত্যু যুৱকৰ

ABOUT THE AUTHOR

...view details