অসম

assam

ETV Bharat / state

নিৰ্দোষীক আটকক লৈ বৰখলা আৰক্ষী চকীত উত্তেজনা

কাছাৰৰ বৰখলা আৰক্ষী চকীত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে নিৰ্দোষী লোকক আটক কৰাৰ অভিযোগত শতাধিক ৰাইজে ঘেৰাও কৰে আৰক্ষী চকী ৷

By

Published : Oct 4, 2020, 4:38 PM IST

People protest in Cachar Borkhola police station
নিৰ্দোষীক আটকক লৈ বৰখলা আৰক্ষী চকীত উত্তেজনা

কাছাৰ,4 অক্টোবৰ: শনিবাৰে নিশা কাছাৰ জিলাৰ বৰখলা আৰক্ষী চকীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ শতাধিক ৰাইজে ঘেৰাও কৰে আৰক্ষী চকী ৷ বিধায়ক কিশোৰ নাথৰ হেঁচাত আৰক্ষীয়ে নিৰ্দোষী লোকক আটক কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

নিৰ্দোষীক আটকক লৈ বৰখলা আৰক্ষী চকীত উত্তেজনা

ৰাইজৰ অভিযোগ অনুসৰি,বৰখলাৰ ডলু কালীনগৰৰ পথত চলি থকা নিম্ন মানদণ্ডৰ কামৰ বিৰুদ্ধে বহুদিন ধৰি ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ লগতে ইয়াৰ বিৰুদ্ধে তেওঁলোকে বহু স্থানত অভিযোগ উত্থাপন কৰিছে ৷ কিন্তু ঘটনাৰ তদন্ত কৰাৰ বিপৰীতে ঠিকাদাৰৰ মিথ্যা গোচৰৰ ভিত্তিত বৰখলা আৰক্ষীয়ে আটক কৰে দুই প্ৰতিবাদকাৰীক ৷ ইয়াকে লৈ উত্তেজিত হৈ পৰে বৰখলাৰ স্থানীয় ৰাইজ ৷

দুয়োজন লোকৰ মুক্তিৰ দাবীৰে তেওঁলোকে ঘেৰাও কৰে আৰক্ষী চকী ৷ অৱশ্যে উত্তেজিত ৰাইজৰ ৰোষত পৰি বৰখলা আৰক্ষীয়ে আটক কৰা দুজনক মুকলি কৰি দিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক:সাংসদ ভূৱনেশ্বৰ কলিতাক ঘেৰাও ক্ৰীড়াপ্ৰেমীৰ

ABOUT THE AUTHOR

...view details