হাফলং, 13 নৱেম্বৰ :উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । উক্ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছ আদি সকলো দলে প্ৰস্তুতি আৰম্ভ কৰিছে । অহা ডিচেম্বৰ বা জানুৱাৰী মাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, অহা 14 নৱেম্বৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ৷ ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে দুদিন ডিমা হাছাও জিলা ভ্ৰমণ কৰে ৷ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ জিলা নিৰ্বাচনী বিষয়া তথা ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক আৰু বিভিন্ন চৰকাৰী বিষয়ৰ লগতে বৈঠক কৰি সকলো বিষয়ৰ বুজ লয় ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে ।
ইপিনে নিৰ্বাচন সমাহত হোৱাৰ লগেলগে প্ৰাৰ্থিত্বক লৈ এতিয়া কঠিন চেলেঞ্জৰ মুখামুখি হৈছে বিজেপি দল । কিয়নো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্বৰ বাবে আছে একাধিক দাবীদাৰ । ইয়াৰ মাজতে পৰিষদৰ অধিকাংশ সমষ্টিত বিজেপি দলৰ হৈ নতুন মুখ বিচাৰিছে সমষ্টিবাসীয়ে ।