অসম

assam

ETV Bharat / state

দিহিং পাটকাইত 250 বছৰৰ পৰা চলি আহিছে কয়লা খননঃ পৰিমল শুক্লবৈদ্য - Coal India Limited

যি অঞ্চলসমূহৰ কথা কোৱা হৈছে তাত 2003 বৰ্ষৰ পৰাই খননকাৰ্য চলাই অহা হৈছে । যদি এই অঞ্চল প্ৰকৃততে ৱাইল্ড লাইফৰ হয় তেন্তে কেনেকৈ তাত ইমানদিনে খনন সম্ভৱ হ'ল । আনহাতে, বিজেপি চৰকাৰ অহাৰ পিছতেই বৰ্ষাৰণ্যখনে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইতিমধ্যে 43 কোটি টকাৰ জৰিমণা বিহা হৈছে- পৰিমল শুক্লবৈদ্য ।

Parimal Suklabaidya Cancels Dehing Patkai visit
দিহিং পাটকাইত 250 বছৰৰ পৰা চলি আহিছে কয়লা খননঃ পৰিমল শুক্লবৈদ্য

By

Published : May 22, 2020, 1:23 PM IST

শিলচৰ,22 মেঃ প্ৰতিকুল বতৰৰ বাবে পাটকাই পাহাৰ পৰিদৰ্শনৰ বাবে যাত্ৰা কৰিব নোৱাৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । বিভাগীয় নিৰ্দেশনাৰ পিছতে নিজৰ যাত্ৰা বাতিল কৰে মন্ত্ৰী গৰাকীয়ে । তেখেতে এইসন্দৰ্ভত মন্তব্য কৰি কয় যে, বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছে । আৰু এই সন্দৰ্ভত অধিকাৰীসকলে মুখ্যমন্ত্ৰীক এক প্ৰতিবেদন দাখিল কৰিব লাগিব ।

দিহিং পাটকাই কয়লা খনন সন্দৰ্ভত পৰিমল শুক্লবৈদ্যৰ মন্তব্য

বনমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, যি অঞ্চলসমূহৰ কথা কোৱা হৈছে তাত 2003 বৰ্ষৰ পৰাই খননকাৰ্য চলাই অহা হৈছে । যদি এই অঞ্চল প্ৰকৃততে ৱাইল্ড লাইফৰ হয় তেন্তে কেনেকৈ তাত ইমানদিনে খনন সম্ভৱ হ'ল । আনহাতে, বিজেপি চৰকাৰ অহাৰ পিছতেই এই কাৰ্যই কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইতিমধ্যে 'Coal India Limited' 43 কোটি টকাৰ জৰিমণা বিহা হৈছে ।

দিহিং পাটকাই কয়লা খনন সন্দৰ্ভত পৰিমল শুক্লবৈদ্যৰ মন্তব্য

চৰাকৰে দিহিং পাটকাইত কয়লা খননৰ অনুমতিৰ ক্ষেত্ৰত কোল ইণ্ডিয়াক 28টাকৈ চৰ্ত প্ৰদান কৰিছে । এই চৰ্তসমূহ মানি ল'লে তথা ৰাজ্য চৰাকৰে সন্মতি প্ৰদান কৰিলেহে কয়লা খনন চলাব পাৰিব 'Coal India Limited'এ । বনমন্ত্ৰী গৰাকীয়ে এই অঞ্চল পৰিদৰ্শন কৰি 2003 চনৰ পৰা সমগ্ৰ বিষয়টোৰ বুজ ল'ব আৰু মুখ্যমন্ত্ৰীক প্ৰতিবেদন প্ৰদান কৰিব ।

লগতে পঢ়ক- ফেনে ফুটুকাৰে বাঢ়িছে বৰপানী : কবলত বহুকেইখন গাঁও

ABOUT THE AUTHOR

...view details